22 July 2024 তাৰিখে পুনৰ আন্দোলনৰ দিন ঘোষণা
সদৌ অসম প্ৰাদেশিকীকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক(টিউটৰ) সংস্থাৰ এক বিশেষ গুৰুত্বপূৰ্ণ সভা যোৱা ৮ জুলাই তাৰিখ সোমবাৰে অনুষ্ঠিত হয় । মুখ্য সম্পাদকে আঁত ধৰা সভাখনৰ সভাপতিত্ব কৰে সংস্থাৰ সভাপতি ৰবীন্দ্ৰ বৰগোহাইঁ ডাঙৰীয়াই । গুগল্ মীট যোগে সম্পন্ন ভাৰ্চুৱেল সভাত অসমৰ প্ৰায় কেওখন জিলা সমিতিৰ সভাপতি/সম্পাদকে যোগদানে সভাৰ গুৰুত্ব বৃদ্ধি কৰে ।
উল্লেখ্য যে যোৱা ১ জুলাই তাৰিখে অনুষ্ঠিত সংস্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাৰ প্ৰস্তাৱ অনুসৰি অহা ১৫ জুলাই তাৰিখৰ পৰা আন্দোলনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল । কিন্তু তাৰ পিছৰপৰাই অসমত বানপানীৰ প্ৰলয়ৰ ফলত হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে । এনে পৰিস্থিতিত আন্দোলন কৰা আৰু তাৰ বাবে সাংগঠনিক জাগৰণ অনাটো এক প্ৰত্যাহ্বান স্বৰূপ হৈ পৰিছে । কাৰ্যসূচীৰ বাবদ আৱশ্যকীয় পূঁজিৰ বাবে ধাৰ্য্য কৰা বৰঙণি সংগ্ৰহৰ বাবে কিছু সময়ৰ প্ৰয়োজনীয়তা কথা ব্যক্ত কৰা হয় ।উক্ত ভাৰ্চুৱেল সভাত, ১৯ জুলাই ২০২৩ তাৰিখে অসমৰ তদানীন্তন শিক্ষা উপদেষ্টা মাননীয় ড°ননী গোপাল মহন্তদেৱৰ সৈতে সংস্থাৰ নেতৃত্বৰে হোৱা আলোচনামৰ্মে, উপদেষ্টা মহোদয়ে অসম চৰকাৰলৈ প্ৰেৰণ কৰা টিউটৰৰ বেতন বৃদ্ধিৰ বাবে পৰামৰ্শৰ চিঠি আৰু তাৰ পৰৱৰ্তী কালৰ চৰকাৰ বা বিভাগৰ দ্বাৰা উক্ত চিঠিৰ প্ৰতি গ্ৰহণ কৰা ব্যৱস্থা সন্দৰ্ভত আলোচনা হয় । উক্ত চিঠিমৰ্মে, ইতিমধ্যে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ পৰা আৱশ্যকীয় ধনৰাশিৰ পৰিমাণসহ শিক্ষা বিভাগলৈ প্ৰেৰণ হোৱা পত্ৰই, এক অগ্ৰগতি এই বছৰটোত দৃষ্টিগোচৰ হৈছে । সভাত সংংস্থাৰ কেন্দ্ৰীয় কাৰ্য্যকৰা সভাপতি জীৱন তালুকদাৰ ডাঙৰীয়াই সচিবালয়লৈ গৈ উক্ত ফাইলৰ অগ্ৰগতি সন্দৰ্ভত বিস্তৃত তথ্য সভাত প্ৰকাশ কৰে।
ভাৰ্চুৱেল সভাত সভাপতি বৰগোহাইঁদেৱে প্ৰতিটো জিলাৰ সভাপতি/সম্পাদকৰ পৰা আন্দোলন, সাংগঠনিক স্থিতি, পূঁজি ইত্যাদিৰ বিষয় নিজ নিজ জিলাৰ স্থিতি প্ৰকট কৰিবলৈ আহ্বান জনায় ।
সভাপতি ডাঙৰীয়াই সকলোৰে মতামত সাপেক্ষে ১৫ জুলাই তাৰিখৰ প্ৰস্তাৱিত আন্দোলনৰ কাৰ্য্যসূচী এসপ্তাহ পিছুৱাই দিয়াৰ সিদ্ধান্ত ঘোষণা কৰে । সেইমৰ্মে অহা ২২ জুলাই ২০২৪ তাৰিখে আন্দোলনৰ প্ৰচাৰৰ বাবে মুখপাত্ৰকে আদি কৰি দায়িত্বপ্ৰাপ্ত সতীৰ্থক আহ্বান জনায় । পূঁজিৰ বাবে কেন্দ্ৰীয় সমিতিৰ বিত্ত সম্পাদকক দায়িত্বভাৰ অৰ্পণ কৰি সকলো জিলা সমিতিৰ পৰা সংগ্ৰহ কৰিবলৈ আৰু কাৰ্যসূচী ৰূপায়ণৰ বাবে কেন্দ্ৰীয় সমিতিৰ সভাপতি/মুখ্য সম্পাদকৰ অনুমোদন সাপেক্ষে যোগান ধৰিবলৈ নিৰ্দেশ প্ৰদান কৰি সকলো জিলাৰ সভাপতি/সম্পাদকক বৰঙণিৰ ধনৰাশি প্ৰেৰণ কৰিবলৈ আহ্বান জনায় । গোহাঁৰি পত্ৰ, স্মাৰক পত্ৰ, প্ৰচাৰ পত্ৰ, প্লে কাৰ্ড ইত্যাদিৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্য সম্পাদক, প্ৰশাসনিক সম্পাদক, সাংগঠনিক সম্পাদক প্ৰমুখ্যে দায়িত্বপ্ৰাপ্তসকলক সভামৰ্মে নিৰ্দেশনা দিয়া হয় । সাংগঠনিক দিশ চোৱা চিতাৰ বাবে সঘন যোগাযোগৰ বাবে মুখ্য সংগঠক কুশল ফুকন, সম্পাদক গণেশ ৰয়, সাংগঠনিক সম্পাদক মঞ্জোৱাৰ লস্কৰ, গোলাঘাট জিলা সম্পাদক নগেন শৰ্মা, ধুবুৰী জিলা সম্পাদক আখতাৰ হুছেইন, বিশ্বনাথ জিলা সভাপতি দিলীপ শৰ্মা, ডিব্ৰগড় জিলা সম্পাদক বিনন্দ গগৈ সতীৰ্থ সাংগঠনিক বিষয়াবৰ্গলৈ পুনৰ আহ্বান জনোৱা হয় ।