Tutors Executive Meeting: Decided intensified agitation


 টিউটৰ সংস্থাৰ কাৰ্যনিৰ্বাহক সভাঃ তীব্ৰতৰ আন্দোলনৰ প্ৰস্তাৱ
Tutors State Executive Meet on 1st July 2024, at Paltan Bazar, Guwahati


    ইং ১ জুলাই তাৰিখ সোমবাৰে, সংস্থাৰ সভাপতি ৰবীন্দ্ৰ বৰগোহাইঁৰ সভাপতিত্বত অনুষ্ঠিত, সদৌ অসম প্ৰাদেশিকীকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক(টিউটৰ) সংস্থাৰ কেন্দ্ৰীয় বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় । সভাত টিউটৰৰ মুখ্য দাবী শিক্ষক মৰ্যদাৰ ওপৰত চৰ্চা কৰাৰ লগতে প্ৰাদেশিকীকৰণ যোগে উদ্ভৱ সকলো সমস্যাৰ বিষয়ে বিস্ত্ৰিতভাৱে আলোচনা কৰা হয় । টিউটৰ সতীৰ্থ আৰু শিক্ষানুষ্ঠানসমুহকলৈ উদ্বীগ্নতা আৰু বেতন বৃদ্ধিৰ বিভাগীয় চিঠিক লৈ আজিৰ সভাত গম্ভীৰতাৰে মন্থন কৰা হয় । চৰকাৰৰ উদাসীনতাৰ ফলত ভৱিষ্য়তক লৈ সন্দিহান অসমৰ টিউটৰসকলৰ হকে সংস্থাই পুনৰ এক প্ৰয়াস কৰি, চৰকাৰক বাধ্য় কৰোৱাৰ বাবে যথোচিত পদক্ষেপ গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তা প্ৰকাশ কৰা হয় ।


    আজিৰ সভাত আগন্তুক কৰ্মসূচী প্ৰস্তুত কৰি পৰিকল্পিত অনুৰূপে ৰূপায়ণৰ বাবে নিম্নলিখিত প্ৰস্তাৱসমূহ সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰা হয়।


১ম প্ৰস্তাৱঃ  টিউটৰসকলক শিক্ষকৰ মৰ্য্যদা প্ৰদান কৰি শৈক্ষিক উত্তৰণ ঘটোৱাৰ উদ্দেশ্যে বাৰম্বাৰ আবেদন-নিবেদন, অনুনয়-বিনয় কৰি থকা হৈছে যদিও এইখন চৰকাৰে ধৃতৰাষ্ট্ৰৰ ভূমিকা গ্ৰহণ কৰি অসমৰ টিউটৰসকলক ন্যায্যতা প্ৰাপ্তিৰপৰা বঞ্চিত কৰি ৰাখিছে । আমাৰ ন্যায্য প্ৰপ্তিৰ হকে অসমৰ টিউটৰসকলে আন্দোলনৰ পথেই একমাত্ৰ বিকল্প পন্থাৰূপে অনুমান হয় । সেয়েহে আজিৰ সভাই অহা ১৫ জুলাই তাৰিখৰ পৰা ধাৰাবাহিক আন্দোলন কৰাৰ সিদ্ধান্তৰে এই প্ৰস্তাৱ গ্ৰহণ কৰা হয় । আন্দোলনৰ ৰূপৰেখা, পৰিকল্পনা ইত্যাদি বিষয়ৰ চিন্তা-বিবেচনাৰ বাবে সংস্থাৰ নেতৃবৃন্দক দায়িত্বভাৰ অৰ্পণ কৰা হয় ।


২য় প্ৰস্তাৱঃ প্ৰস্তাৱিত আন্দোলনৰ বিষয়ে জ্ঞাপনৰ লগতে বিভাগীয় খা-খবৰ লোৱাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰি গুৱাহাটী আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী এলেকাধীন সংস্থাৰ নেতৃবৰ্গ, বিশেষভাৱে সংস্থাৰ কাৰ্য্য়কৰী সভাপতি শ্ৰী জীৱন তালুকদাৰ আৰু মুখ্য় উপদেষ্টা শ্বেখ আব্দুল্লা ডাঙৰীয়াক এই দায়িত্ব অৰ্পণ কৰা হয় । মুখ্য়মন্ত্ৰী মহোদয়লৈকো পুনৰ এক স্মাৰক পত্ৰ প্ৰেৰণৰ বাবে নিৰ্ণয় কৰা হৈছে ।


৩য় প্ৰস্তাৱঃ প্ৰস্তাৱিত আন্দোলনৰ কাৰ্য্যসূচী, আমাৰ দাবীসমূহৰ ব্যাখ্যা আৰু বিভিন্ন সময়ত বিভিন্ন মাধ্য়মযোগে টিউটৰসকলক লৈ হোৱা ভুৱা প্ৰচাৰ, এইসমূহ সবিশেষ বিষয় প্ৰচাৰ মাধ্যমযোগে প্ৰচাৰৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয় । আজিৰ সভাই সংস্থাৰ মুখপাত্ৰ শ্ৰী তৰু প্ৰসাদ শৰ্মা আৰু সম্পাদক(প্ৰশাসনিক) মহঃ ইছাহক আলীক দায়িত্বভাৰ অৰ্পণ কৰা হয় ।


৪ৰ্থ প্ৰস্তাৱঃ চৰকাৰৰ পৃষ্ঠপোষকতাত চলা ভুৱা প্ৰচাৰৰ বাবে অসমৰ ৰাইজৰ মাজত সৃষ্ট বা বিৰাজমান ধাৰণাসমূহৰ বিভ্ৰান্তি দূৰীকৰণ কৰি প্ৰকৃত ছৱি দাঙি ধৰিৱলৈ, বিভিন্ন ষড়যন্ত্ৰ আৰু লাঞ্চনা-বঞ্চনাৰ চাকনৈয়াত ককবকাই শিক্ষাদানত ব্ৰতী টিউটৰৰ স্থিতিৰ বাস্তৱ চিত্ৰায়ণ কৰি গোহাৰি পত্ৰ প্ৰস্তুতকৰণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয় । সভাত উপস্থিত সংস্থাৰ সাংগঠনিক সম্পাদক শ্ৰী গোকৰ্ণ মিশ্ৰ আৰু শ্ৰী জীৱন সৰকাৰক দায়িত্বভাৰ অৰ্পন কৰা হয় । মুখ্য সম্পাদকৰ লগতে সম্পাদক(প্ৰশাসনিক)ক এই দায়িত্বত সহযোগিতা কৰিবৰ নিৰ্দেশনা প্ৰস্তাৱ গ্ৰহণ কৰা হয় ।


৫ম প্ৰস্তাৱঃ সংস্থাৰ কাৰ্য্যসূচী সফল ৰূপায়ণৰ ক্ষেত্ৰত সাংগঠনিক জাগৰণৰ প্ৰয়োজনীয়তা প্ৰতি লক্ষ্য ৰাখি জিলা সমিতি, ব্লক সমিতিসমূহক সভা অনুষ্ঠিত কৰা অথবা সক্ৰিয়কৰণৰ নিমিত্তে আজিৰ সভাত এই বিশেষ প্ৰস্তাৱ গ্ৰহণ কৰা হয় । প্ৰস্তাৱমৰ্মে সাংগঠনিক দৃঢ়ীকৰণ আৰু জাগৰণৰ বাবে শ্ৰী গণেশ ৰয়, শ্ৰী কুশল ফুকন, শ্ৰী ৰীনা বৰা, মহঃ আখতাৰ হুছেইন, শ্ৰী নগেন শৰ্মা, মঞ্জোৱাৰ লস্কৰ আৰু শ্ৰী দিলীপ শৰ্মাক দায়িত্বভাৰ অৰ্পণ কৰা হয় ।


৬ষ্ঠ প্ৰস্তাৱঃ  আজিৰ সভাই সংস্থাৰ কৰ্মসূচীৰ সফল ৰূপায়ণৰ বাবে প্ৰতি গৰাকী টিউটৰ সদস্যৰ পৰা কাৰ্যসূচীৰ বাবদ ১০০ টকাৰ বৰঙণি সংগ্ৰহ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । এই কাৰ্যসূটীৰ বাবে সম্পূৰ্ণ বৰঙণি, জিলা সমিতিসমূহৰ পৰা গ্ৰহণ কৰিবলৈ আৰু কেন্দ্ৰীয় সমিতিক যোগান ধৰিবলৈ বিত্ত সম্পাদক আবুল কালাম আজাদক কতৃত্ব প্ৰদানেৰে এই প্ৰস্তাৱ গ্ৰহণ কৰা হয় ।

Tags