Tutor Problems and Expectations

অসমৰ টিউটৰসকলৰ সমস্যাক লৈ বিশেষ আলোচনা 

৫ ফেব্ৰুৱাৰী ২০২১ তাৰিখে অসমৰ ভেঞ্চাৰ স্কুলৰ শিক্ষকসকলৰ পদ প্ৰাদেশিকীকৰণ কৰা হৈছিল । The Assam Education (Provincialisation of Services of teachers and Re-Organisation) Act 2017 নামে প্ৰনয়ণ আইনৰ আওঁতাৰ প্ৰায় ১৬ হাজাৰ পদ প্ৰাদেশিকীকৰণ কৰি “টিউটৰ” অভিহিত কৰা হয় ।





Tutors Problems and Expectations

টিউটৰসকলক এক সীমিত (Fixed wage) পাৰিতোষিক নিৰ্ধাৰণ কৰি পাঁচ বছৰৰ ভিতৰত আৱশ্যকীয় অৰ্হতা অৰ্জন কৰি শিক্ষকলৈ উন্নীতকৰণৰ সুৱিধাৰ কথা ঘোষণা কৰা হয় । যিসকল টিউটৰ অৰ্হতাসম্পন্ন হয়, তেওঁলোকৰ বাবে বিশেষ প’ৰ্টেল মুকলি কৰি নথি-পত্ৰ দাখিল কৰাৰ ব্যৱস্থাৰ কথা উল্লেখ কৰা হৈছিল । এইদৰে ৫ ফেব্ৰুৱাৰীৰ দিনা সৰুসজাই ষ্টেডিয়ামত নানান ধৰণৰ ঘোষণাৰে ভেঞ্চাৰৰ শিক্ষকসকলক উৎফুলিত কৰা হৈছিল । উক্ত অনুষ্ঠানতে, তদানীন্তন শিক্ষামন্ত্ৰী, বৰ্তমানৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই বিত্ত বিভাগৰ বিশেষ প্ৰক্ৰিয়াৰ কথা ঘোষণা কৰিছিল য’ত এদিন কৰ্তব্যত যোগদান কৰা টিউটৰেও ১০ লাখ টকাৰ গ্ৰেচ্যুইটীৰ ধন লাভ কৰিবলৈ সক্ষম হ’ব ।

দিনকে দিনে দুবছৰ অতিক্ৰম হোৱাৰ পিছতো চৰকাৰৰ কোনো কুচকাৱাজ চকুত নপৰাত ইতিমধ্যে ক্ষুব্ধ হৈছে টিউটৰসকল । বিশেষকৈ প্ৰাথমিক পৰ্য্যায়ৰ মুঠ ৯৭৯৫ গৰাকী টিউটৰসকলৰ সংগঠণ সদৌ অসম প্ৰাদেশিকীকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক(টিউটৰ) সংস্থাই এই বিষয়টো লৈ চৰকাৰ/বিভাগৰ দৃষ্টি আকৰ্ষণৰ প্ৰয়াস কৰি আহিছে । বিগত কালছোৱাত বিভিন্ন আন্দোলন আৰু প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰি দাবী পূৰণৰ বাবে আবেদন-নিবেদন জনাইছে । বিভাগীয় শীৰ্ষ বিষয়াৰে সঘন সাক্ষাৎ কৰি বিষয়বস্তু উপস্থাপন কৰা, শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগু ডাঙৰীয়াকো একাধিকবাৰ লগ কৰি টিউটৰসকলৰ সমস্যা সমাধানৰ বাবে স্মাৰক পত্ৰ দি আহিছে । কিন্তু বিষয়টোৰ নিদান বিচাৰি মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি তেখেতক সাক্ষাত পোৱাৰ বাবে সংস্থাই আবেদন কৰিছে । 

অনেক আবেদনৰ পিছতো মুখ্যমন্ত্ৰীয়ে সাক্ষাতৰ বাবে কোনো সুৱিধা প্ৰদান নকৰাক লৈ ক্ষোভিত হৈ বিকল্প চিন্তা কৰাৰ সময়তে যোৱা ১৫ জুলাই তাৰিখে অসম চৰকাৰৰ শিক্ষা উপদেষ্টা ড° ননী গোপাল মহন্তদেৱৰ কাৰ্যালয়ৰ পৰা সংস্থাৰ সভাপতি ৰবীন্দ্ৰ বৰগোঁহাইলৈ ফোনযোগে আলোচনাৰ্থে আমন্ত্ৰণ জনোৱা হয় । সেইমৰ্মে ইং ১৯ জুলাই তাৰিখে সচিবালয়ৰ শিক্ষা উপদেষ্টাৰ কাৰ্য্যালয়ৰ সন্মিলন কক্ষত সংস্থাৰ এক প্ৰতিনিধি দলৰ সৈতে ড° ননী গোপাল মহন্তদেৱৰ আলোচনা সম্পন্ন হয় । প্ৰায় ৪৫ মিনিট হোৱা আলোচনাত টিউটৰসকলৰ প্ৰধান দাবীসমূহ উপস্থাপন কৰা হয় । উপদেষ্টাগৰাকীয়ে সকলো বিষয় তন্ন তন্নকৈ বুজি লোৱাৰ যত্ন কৰি, সমস্যাসমূহ যতদূৰ সম্ভৱ নিদানৰ বাবে প্ৰয়াস কৰি মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰাৰ কথা উল্লেখ কৰে । তেখেতে টিউটৰসকলৰ শিক্ষকৰূপে উন্নীতকৰণৰ বাবে আইনত আৰোপিত টেট উত্তীৰ্ণ হোৱাৰ চৰ্তটি প্ৰাদেশিকীকৰণৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱা অনুচিত বুলি স্পষ্টভাৱে উল্লেখ কৰে ।

দিনকে দিনে দুবছৰ অতিক্ৰম হোৱাৰ পিছতো চৰকাৰৰ কোনো কুচকাৱাজ চকুত নপৰাত ইতিমধ্যে ক্ষুব্ধ হৈছে টিউটৰসকল । বিশেষকৈ প্ৰাথমিক পৰ্য্যায়ৰ মুঠ ৯৭৯৫ গৰাকী টিউটৰসকলৰ সংগঠণ সদৌ অসম প্ৰাদেশিকীকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক(টিউটৰ) সংস্থাই এই বিষয়টো লৈ চৰকাৰ/বিভাগৰ দৃষ্টি আকৰ্ষণৰ প্ৰয়াস কৰি আহিছে । বিগত কালছোৱাত বিভিন্ন আন্দোলন আৰু প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰি দাবী পূৰণৰ বাবে আবেদন-নিবেদন জনাইছে । বিভাগীয় শীৰ্ষ বিষয়াৰে সঘন সাক্ষাৎ কৰি বিষয়বস্তু উপস্থাপন কৰা, শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগু ডাঙৰীয়াকো একাধিকবাৰ লগ কৰি টিউটৰসকলৰ সমস্যা সমাধানৰ বাবে স্মাৰক পত্ৰ দি আহিছে । কিন্তু বিষয়টোৰ নিদান বিচাৰি মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি তেখেতক সাক্ষাত পোৱাৰ বাবে সংস্থাই আবেদন কৰিছে । অনেক আবেদনৰ পিছতো মুখ্যমন্ত্ৰীয়ে সাক্ষাতৰ বাবে কোনো সুৱিধা প্ৰদান নকৰাক লৈ ক্ষোভিত হৈ বিকল্প চিন্তা কৰাৰ সময়তে যোৱা ১৫ জুলাই তাৰিখে অসম চৰকাৰৰ শিক্ষা উপদেষ্টা ড° ননী গোপাল মহন্তদেৱৰ কাৰ্যালয়ৰ পৰা সংস্থাৰ সভাপতি ৰবীন্দ্ৰ বৰগোঁহাইলৈ ফোনযোগে আলোচনাৰ্থে আমন্ত্ৰণ জনোৱা হয় । সেইমৰ্মে ইং ১৯ জুলাই তাৰিখে সচিবালয়ৰ শিক্ষা উপদেষ্টাৰ কাৰ্য্যালয়ৰ সন্মিলন কক্ষত সংস্থাৰ এক প্ৰতিনিধি দলৰ সৈতে ড° ননী গোপাল মহন্তদেৱৰ আলোচনা সম্পন্ন হয় । প্ৰায় ৪৫ মিনিট হোৱা আলোচনাত টিউটৰসকলৰ প্ৰধান দাবীসমূহ উপস্থাপন কৰা হয় । উপদেষ্টাগৰাকীয়ে সকলো বিষয় তন্ন তন্নকৈ বুজি লোৱাৰ যত্ন কৰি, সমস্যাসমূহ যতদূৰ সম্ভৱ নিদানৰ বাবে প্ৰয়াস কৰি মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰাৰ কথা উল্লেখ কৰে । তেখেতে টিউটৰসকলৰ শিক্ষকৰূপে উন্নীতকৰণৰ বাবে আইনত আৰোপিত টেট উত্তীৰ্ণ হোৱাৰ চৰ্তটি প্ৰাদেশিকীকৰণৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱা অনুচিত বুলি স্পষ্টভাৱে উল্লেখ কৰে । 

প্ৰায় এঘণ্টীয়া উক্ত আলোচনাৰ নেতৃত্ব দিয়ে সংস্থাৰ সভাপতি ৰবীন্দ্ৰ বৰগোঁহাইঁৰ লগত আছিল সম্পাদক গোকৰ্ণ মিশ্ৰ, কাৰ্যকৰী সভাপতি জীৱন তালুকদাৰ, মুখ্য সাধাৰণ সম্পাদক ভূবন শৰ্মা, মুখ্য উপদেষ্টা শ্বেখ আব্দুল্লা, মূখ্য সংগঠক কুশল ফুকন, সাংগঠনিক সম্পাদক মঞ্জোৱাৰ লস্কৰ, উপসভাপতি ৰঞ্জিত কুমাৰ বৰা, ইচাহক আলী, বিটেন বৰা, আখতাৰ হুছেইনকে আদি কৰি ১১ গৰাকী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে ।


উক্ত আলোচনাৰ পিছতে সংস্থাই পৰৱৰ্তী স্থিতি জানিবৰ বাবে প্ৰফেচাৰ মহন্তদেৱৰ কাৰ্য্যালয়লৈ কেইবাবাৰ উপস্থিত হয় । মুখ্য সম্পাদকৰ লগতে মুখ্য উপদেষ্টা শ্বেখ আব্দুল্লা, কাৰ্যকৰী সভাপতি জীৱন তালুকদাৰ, উপসভাপতি ৰঞ্জিত কুমাৰ বৰা, সম্পাদক আবুল কালাম আজাদ, সাংগঠনিক সম্পাদক গোকৰ্ণ মিশ্ৰ, বিটেন বৰা, মৰিগাওঁ জিলা সমিতিৰ সভাপতি প্ৰসেনজিৎ কলিতা, নগাওঁ জিলা সমিতিৰ সম্পাদক ইশ্বাহক আলী, কেন্দ্ৰীয় প্ৰতিনিধি শ্ৰী যুত নিৰঞ্জন শইকীয়া প্ৰমুখ্যে ১০ জনীয়া প্ৰতিনিধিদল সচিবালয়ত উপস্থিত হৈ শিক্ষা উপদেষ্টাগৰাকীক কাৰ্যালয়ত নোপোৱাৰ পৰিপ্ৰেক্ষিতত পৰৱৰ্তী সময়ত সাক্ষাতৰ বাবে কাৰ্যকৰী সভাপতিৰ নেতৃত্বত দায়ীত্বভাৰ অৰ্পন কৰা হয়।


সন্মানীয় কাৰ্যকৰি সভাপতি দেৱৰ নেতৃত্বত এটি প্ৰতিনিধি দলে বিগত দিন কেইটাত চৰকাৰী ঘৰত তথা বিভাগীয় কাৰ্যালয়ত যোগাযোগ ৰক্ষা কৰি প্ৰচেষ্টা অব্যাহত ৰাখিছে । কাৰ্যকৰি সভাপতি দেৱৰ নেতৃত্বত সজাঁতি দলটিয়ে বৰ্ত্তমানলৈকে কেইবা লানিও কাৰ্য্যসূচী সমাপন কৰিবলৈ সক্ষম হৈছে বুলি জানিব পৰা গৈছে । ইতিমধ্যে সংস্থাৰ সৈতে হোৱা আলোচনাৰ টোকা প্ৰস্তুত হৈছে আৰু শিক্ষা উপদেষ্টাগৰাকীয়ে নিজৰ পৰ্য্যবেক্ষণ টোকাৰে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰাৰ বাতৰি নিশ্চিত হৈছে । এক আশাব্যঞ্জক বতৰাৰ বাবে উদ্গ্ৰীৱ টিউটৰসকলে উৎকণ্ঠাৰে বাট চাই আছে । শিক্ষা উপদেষ্টাগৰাকীৰ ইতিবাচক টোকাই টিউটৰসকলৰ জীৱনলৈ কিছু সকাহ প্ৰদানৰ বাবে মুখ্যমন্ত্ৰীয়ে অচিৰেই ব্যৱস্থা গ্ৰহণ কৰিব বুলি গভীৰ আস্থাশীল হৈ আছে ।

Tags