Who is called Tutor in Assam

Who is called Tutor ?



অসমত টিউটৰৰ সৃষ্টিৰ আঁৰত


অসমত ভেঞ্চাৰ শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণ এক পাৰম্পৰিক চৰকাৰী প্ৰক্ৰিয়া । আগৰ দিনৰ পৰাই এই প্ৰক্ৰিয়ামৰ্মে অসমৰ চুকে-কোণে, প্ৰয়োজনবোধে শিক্ষানুষ্ঠান গঢ়িছিল অসমীয়া জনতাই । বিভাগীয় সম্পূৰ্ণ নীতি-নিয়ম অনুসৰন কৰি আগবঢ়া অসমৰ এই সমূহ শিক্ষানুষ্ঠান কালক্ৰমত চৰকাৰে প্ৰাদেশিকীকৰণ অৰ্থাৎ চৰকাৰীকৰণ কৰে ফলত চৰকাৰী সকলো সা-সুৱিধা লাভ কৰে শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলে । বিশেষকৈ, প্ৰাদেশিকীকৰণ হোৱাৰ লগে লগে ভেঞ্চাৰ শিক্ষানুষ্ঠানত নিযুক্তিপ্ৰাপ্ত শিক্ষক-শিক্ষয়িত্ৰীয়ে চৰকাৰী কৰ্মচাৰীৰ আঁওতাত সোমাই পৰে। চৰকাৰী কৰ্মচাৰীয়ে পোৱা সকলো বিত্তীয় সা-সুৱিধাৰে চৰকাৰী শিক্ষকৰ মৰ্য্যাদা লাভ কৰে ।


পৰৱৰ্তীকালত অসমত ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহ স্থাপন কৰাৰ বাবে নিষেধাজ্ঞাৰ দৰে চৰকাৰী নিৰ্দেশনা প্ৰকাশ কৰা হয় আৰু ইতিমধ্যে স্থাপিত ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহক প্ৰাদেশিকীকৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হয় । সেইমৰ্মে অসম বিধানসভাই প্ৰাদেশিকীকৰণ আইন ২০১১ প্ৰনয়ণ কৰে । উক্ত আইন অনুসৰি স্থাপন হোৱা অথবা অনুমতি/স্বীকৃতিপ্ৰাপ্ত হোৱাৰ ১০ বছৰ সম্পূৰ্ণ শিক্ষানুষ্ঠান সমূহক ২০১৩ চনত প্ৰাদেশিকীকৰণ কৰা হয় । মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈদেৱৰ নেতৃত্বাধীন চৰকাৰৰ শিক্ষামন্ত্ৰী আছি ড°হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ।


২০১৩ চনৰ পিছত বিভিন্ন কাৰক আৰু কাৰণত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ গোচৰসমূহৰ শুনানিত, ভিন-ভিন কেন্দ্ৰীয় আইনৰ অনুকুল নথকাৰ পৰিপ্ৰেক্ষিতত ২০১৬ চনত উক্ত প্ৰাদেশিকীকৰণ আইন(২০১১) অবৈধ বুলি ৰায় দিয়ে । লগতে লাভাৰ্থী পক্ষৰে আলোচনামৰ্মে যথাশীঘ্ৰে নতুনকৈ আইন প্ৰনয়ণৰ বাবে বিধীনমণ্ডলীক নিৰ্দেশ প্ৰদান কৰে আৰু ইতিমধ্যে ২০১৩ চনত প্ৰাদেশিকীকৃত শিক্ষানুষ্ঠান ও শিক্ষক-কৰ্মচাৰীকো উক্ত ন-আইনৰ আওঁতাত ৰাখিবলৈ নিৰ্দেশনা জাৰি কৰে ।


আইনৰ পুনঃপ্ৰনয়ণৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছিল যদিও গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাৰ বিপৰীতে, কোনো পক্ষৰ সৈতে আলোচনা নকৰাকৈ দুজনমান শীৰ্ষ বিষয়াৰ তত্বাৱধানত আইনৰ ৰচনা কৰা হয় । সম্পূৰ্ণ একপক্ষীয়ভাৱে অসম চৰকাৰে "The Assam Education(Provincialisation of Services of Teachers and Re-Organisation of Educational Institutions) Act, 2017 প্ৰণয়ন কৰে আৰু অসমৰ ভেঞ্চাৰ শিক্ষানুষ্ঠান, শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীক প্ৰতাৰণাৰ এক দলিলস্বৰূপ প্ৰকাশ কৰে । এই আইনে অসমৰ শৈক্ষিক জগতৰ চৰকাৰী শিক্ষা ব্যৱস্থাত চৰম আঘাত হানিছে আৰু অদূৰ ভৱিষ্যতে ধ্বংসৰ গৰাহলৈ নিক্ষেপিত কৰাৰো থল আছে ।


চৰকাৰ গঠণৰ ৪৫ দিনৰ ভিতৰত প্ৰাদেশিকীকৰণৰ ব্যৱস্থা কৰাৰ নিৰ্বাচনী প্ৰচাৰ চলাই, সৰ্বানন্দ সোনোৱাল ডাঙৰীয়াৰ নেতৃত্বৰ চৰকাৰে, কাৰ্যকালৰ শেষ ৪৫ দিন থাকোতে এক বিৰাট প্ৰাদেশিকীকৰণ মেলা আয়োজন কৰে । গুৱাহাটী সৰুসজাই ষ্টেডিয়ামত আয়োজন কৰা মেলাত ভেঞ্চাৰ শিক্ষানুষ্ঠান সমূহ থানবান কৰা, ২০/২৫ বছৰ ধৰি বিনা বেতনে আশা পালি থকা শিক্ষক আৰু অসমীয়া ৰাইজৰ পৰম্পৰাগত প্ৰয়াসক চৰম অৱমাননাৰে বজ্ৰ প্ৰহাৰৰ দৰে চিহ্নিত হৈছে ২০২১ চনৰ ৫ ফেব্ৰুৱাৰী তাৰিখটো । সকলো ভেঞ্চাৰ শিক্ষানুষ্ঠান বন্ধ কৰি বেছ স্কুললৈ (যিমানেই দূৰত হওক) ছাত্ৰ-ছাত্ৰীক ভৰ্তি কৰাৰ বাবে, আৰু একাংশ শিক্ষকক "টিউটৰ" নামাকৰণেৰে প্ৰদান কৰে হুকুম পত্ৰ । নিম্ন প্ৰাথমিক বিদ্যালয়ত এজন বা ছাত্ৰ-ছাত্ৰী অনুপাতে আৰু মধ্য ইংৰাজী শিক্ষানুষ্ঠানত নিম্নতম তিনিজনকৈ প্ৰাদেশিকীকৰণৰ বাবে প্ৰতিটো ভেঞ্চাৰ স্কুলৰ পৰা বাচনি কৰা হয় । অৰ্থাৎ RTE 2009 মতে নিম্নতম তিনিজন য’ত অংক-বিজ্ঞানৰ বাবে এজন, সমাজ বিজ্ঞানৰ বাবে এজন আৰু ভাষাৰ বাবে এজন, মুঠতে নিম্নতম তিনিজনহে বাচনি কৰা হয় । চৰম প্ৰবঞ্চনা বাকী শিক্ষকসকলক বাদি দিলে প্ৰাদেশিকীকৰণ পৰা । অসমত অসমীয়া,ইংৰাজী আৰু হিন্দী ভাষাৰ শিক্ষাদান ব্যৱস্থা থকাৰ পিছতো ভাষা শিক্ষক এগৰাকীৰহে বিকল্প থকা এই আইনটো RTE-2009ৰ অনুকুল হৈছে নে? ২০/২৫ বছৰে শিক্ষাদান কৰা শিক্ষকসকলে শিক্ষাদান কৰি নিজৰ কৰ্মময় জীৱন শেষ কৰাৰ প্ৰতিদানত চৰকাৰৰ এনে পদক্ষেপ কিমান ন্যায়সঙ্গত ? এইদৰে প্ৰশ্নৰ অৱতাৰনা হৈ আহিছে ।

উল্লেখযোগ্য যে এই আইনত এনে কিছু ধাৰা সন্নিৱিষ্ট কৰা হৈছে যিসমূহ সম্পূৰ্ণ একপক্ষীয় বা ব্যভিচাৰপূৰ্ণ বুলি টিউটৰসকলে আঙুলিয়াই আহিছে । শিক্ষক বাদেই, আনকি এইসমূহ শিক্ষানুষ্ঠানৰ শিশুৰ প্ৰতিও চৰম বৈষম্যমূলক ব্যৱস্থাৰে অসম চৰকাৰে আইন প্ৰনয়ণ কৰিছে ।

  • আইনৰ Section:13 মৰ্মে উক্ত চৰ্ত সমূহ চালি-জাৰি সূক্ষ্ম ভাবে পৰীক্ষণ-নিৰীক্ষণৰ বাবে চৰকাৰে গঠন কৰা Distict Scrutiny আৰু State Scrutiny কমিটীৰদ্বাৰা চুপাৰিশ কৰা শিক্ষানুষ্ঠানহে প্ৰাদেশিকীকৰণৰ বাবে চূড়ান্ত কৰাৰ ব্যৱস্থা কৰা হয় ।

"The Assam Education(Provincialisation of Services of Teachers and Re-Organisation of Educational Institutions) Act, 2017"মতে শিক্ষক-শিক্ষয়িত্ৰী এগৰাকী প্ৰাদেশিকীকৰণ আঁওতাত থাকিবৰ বাবে:_

  • Section:2(za)মৰ্মে শিক্ষক জনৰ নাম ও কৰ্মৰত বিদ্যালয় খনৰ নাম 2009-10ৰ U-Diseত থাকিব লাগিব।
  • Section:3 sub sec:(1)(i)মৰ্মে বিদ্যালয় সমূহ 01/01/2006 ৰ আগৰ বিভাগীয় স্থাপিত/স্বীকৃতি/কনকাৰেন্স/Affiliation প্ৰাপ্ত হব লাগিব ।
  • Section:3,sub sec:(1)(iii)মৰ্মে বিদ্যালয়ৰ নামত মাটি থকাৰ প্ৰমাণ 01/01/2006 চনৰ পূৰ্বৰ হব লাগিব।
  • Section:3, sub sec:(1)(iv)মৰ্মে নূন্যতম ছাত্ৰৰ সংখ্যা 30 জন থাকিব লাগিব।
  • Section:4,sub sec:(2)(iii)মৰ্মে কৰ্মৰত শিক্ষক জন 31/12/2010 চনত বা তাৰ পূৰ্বে যোগদান কৰা হব লাগিব।
  • Section:6,sub sec:(1)(a),(b)মৰ্মে শিক্ষক হিচাপে নিযুক্তি পাবলৈ RTE Act-2009 আৰু NCTE Act-1993ৰ(সময়ে সময়ে সংশোধিত নিয়ম) অনুসৰি শিক্ষাগত অৰ্হতা আৰু বৃত্তিগত অৰ্হতা থাকিব লাগিব

এইসমূহ চৰ্ত আৰোপ কৰি শিক্ষাদানত ব্ৰতী শিক্ষক-শিক্ষয়িত্ৰীক "টিউটৰ" নামে প্ৰাদেশিকীকৰণ হুকুম পত্ৰ দিয়া হ’ল ।
  • Section:3,sub sec:(1)(xi)ধাৰা মৰ্মে অসংখ্য শিক্ষক-শিক্ষয়িত্ৰীক বাদ দিয়া হ’ল ।

টিউটৰসকলক
Section:8(3) মৰ্মে টিউটৰসকলৰ দৰমহাৰ পৰিবৰ্তে সীমিত মজুৰী ব্যৱস্থা কৰিছে আইনখনে । 
উচ্চ আৰু নিম্ন প্ৰাথমিক স্তৰৰ ক্ষেত্ৰতঃ-

  • বিজ্ঞান শিক্ষকৰ বাবে ১১৭০০/- টকা আৰু সহকাৰী শিক্ষকৰ বাবে ১০৮০০/-টকা (fixed)সীমিত ।
  • উচ্চ প্ৰাথমিকৰ প্ৰধান শিক্ষকৰ বাবে ১২১৫০/- উল্লেখ কৰা হৈছে যদিও উক্ত ধাৰাৰ অনুসৰণ কৰা নাই।
  • Section:7,subsec:(1) মৰ্মে নিৰ্দিষ্ট বৃত্তিগত আৰু শিক্ষাগত অৰ্হতা নাথাকিলে Tutor হিচাপে কাম কৰিব লাগিব লগতে 5 বছৰ সময় সীমাৰ ভিতৰত অৰ্হতা অৰ্জন কৰাৰ সুযোগ দিয়া হব ।
  • দুবছৰৰ মূৰে মূৰে নিৰ্দিষ্ট নুন্যতম হাৰত বৃদ্ধিৰ ব্যৱস্থা।                                                            (ক্ৰমশঃ)



সংস্থাই অহা ২২ জুলাই ২০২৪ তাৰিখৰ পৰা আন্দোলনৰ কাৰ্য্যসূচী গ্ৰহণ কৰিছে । সংস্থাৰ মুখপাত্ৰ তৰু প্ৰসাদ শৰ্মাই আহ্বান জনোৱা সংবাদ মেল ১৩ জুলাই তাৰিখে নগাওঁ জিলাৰ কামপুৰত সম্পন্ন হয় । স্থানীয় সংবাদকৰ্মীৰে হোৱা সংবাদ বাৰ্তাত আন্দোলনৰ বিষয় সন্দৰ্ভত বিস্তৃতভাৱে অৱগত কৰে । সংস্থাৰ মুখ্য সাধাৰণ সম্পাদক ভূবন শৰ্মা, মুখ্য উপদেষ্টা শ্বেখ আব্দুল্লা, সাধাৰণ সম্পাদক ইছাহক আলী, নগাওঁ জিলা সমিতিৰ সভাপতি আশ্বাদ আলী প্ৰমুখ্যে টিউটৰ সতীৰ্থ নেতৃবৃন্দই এই সংবাদমেলত অংশগ্ৰহণ কৰি বক্তব্য উপস্থাপন কৰে ।


 

Tags