অনুভৱ-অনুমান
৫ ফেব্ৰুৱাৰীৰ দিনা হুকুম পত্ৰ হাতত লোৱাৰ দিনৰ পৰাই আমি প্ৰতিজনে য'তে-ত'তে প্ৰতিক্ষণে আমাৰ প্ৰতি চৰকাৰৰ চৰম প্ৰতাৰণা/প্ৰবঞ্চনাৰ কথা যুক্তিৰে কৈ আহিছোঁ । অনাগত দিনতো কৈ থাকিম । কিন্তু শুনিছে বা শুনিব কোনে ? শুনিও যদি প্ৰতিক্ৰিয়াই নহয়, কি লাভ ? প্ৰতিক্ৰিয়া বা উত্তৰ দিয়া সকলে যদি আমাৰ প্ৰতি সহানুভূতি প্ৰকাশ কৰিলেও আমাৰ পক্ষত একো সহায় কৰিব নোৱাৰাৰ কথা কয়, কি কৰা যায় ।। ইত্যাদি ইত্যাদি ।আমাৰ যুক্তিসমুহ উপস্থাপন কৰি যথোচিত উত্তৰ আশা কৰিব পৰা এক অন্যতম দ্বাৰ হ'ল ন্যায়ালয় । ন্যায় বিচাৰি যদি আদালতৰ কাষ চপা হয়,আমি যথোচিত ন্যায়ৰ বাবে আদালতৰ ৰায় পাম, নিশ্চিতভাৱে । অৱশ্যে ইয়াৰ বাবে কিমান মাহ/বছৰ অপেক্ষা কৰিব লাগিব তাৰ কোনো নিশ্চয়তা নাই । কাৰণ কিছুমান প্ৰশ্নৰ উত্তৰ বিচাৰি আদালতে যদি চৰকাৰ/বিভাগলৈ পত্ৰ প্ৰেৰণ কৰে, লগে লগে চৰকাৰে প্ৰক্ৰিয়াটো দীঘলীয়া বা জটিল কৰাৰ দিশে প্ৰভাৱান্বিত কৰাৰ আশংকাও নথকা নহয় । শেষত হিতে বিপৰীত হোৱাৰ সম্ভাৱনাও প্ৰবল ।
গতিকে বৰ্তমান সময়ত আমাৰ একমাত্ৰ ত্ৰাণকৰ্তা গৰাকীও সেই একেজন । হয়, মূখ্যমন্ত্ৰীৰ ইচ্ছা আৰু নিৰ্দেশ অবিহনে এটি শব্দ লিখাৰ অৱকাশ নাই কোনো বিষয়াৰ । আয়ুক্ত, সঞ্চালক বাদেই শিক্ষামন্ত্ৰীগৰাকীও আমাৰ ক্ষেত্ৰত অসহায় বুলি প্ৰায় নিশ্চিত । এনে পৰিপ্ৰেক্ষিতত্ উপায় কি আছে ? মূখ্যমন্ত্ৰীগৰাকীক লগ কৰি কথাবোৰ কলেই কামবোৰ হৈ যাব বুলি ভাৱিব পাৰিনে । কাৰণ আমাৰ গোটেই প্ৰক্ৰিয়াটোয়েই একপ্ৰকাৰে তলা মাৰি হাতত চাবি ৰাখি থৈছে তেওঁ নিজে যাতে কোনেও কোনো ফাইল মেলিব নোৱাৰে ? ২০১৭ৰ আইনৰ বাদে কোনো স্থিতিয়েই গ্ৰহণ কৰিবলৈ অনুমতি নাই বুলি পাকে প্ৰকাৰে অনুমান কৰিব পাৰি । এতিয়া সেই একেগৰাকীয়ে, আমাৰ সংস্থাৰ অনুৰোধমৰ্মে পদক্ষেপ লব বুলি আশা কৰিব পাৰিনে ? মই নাভাৱো । বৰঞ্চ আইনমতে হব আৰু নিয়ামানুসৰি আগুৱাই যাবলৈ কৈ, ৫ বছৰৰ ঠাইত তিনিবছৰতে যাতে সম্পুৰ্ণ প্ৰক্ৰিয়া শেষ কৰিব পাৰি তাৰ বাবে ব্যৱস্থা লোৱাৰ/প্ৰয়াস কৰাৰ আশ্বাস দিব পাৰে । বা অন্য যিয়েই কওক, তেখেতৰ দৃষ্টিত আমাৰ মান-স্থান কিমান আৰু ক'ত সেয়া তেখেতৰ পূৰ্বৰ ক্ৰিয়াকলাপত প্ৰকাশ পাইছে । আমি কেৱল নিৰ্বাচন সৃষ্ট কৰ্মচাৰী, মানৱীয় আধাৰৰ অনুকম্পাত ।
সংস্থাৰ বাবে বৰ জটিল আছে প্ৰত্যাহ্বান । এগৰাকী অতি দক্ষ, চতুৰ, কৌশলী আৰু কুটনৈতিক(Diplomatic) ৰাজনীতিবিদৰ হাতত আছে আমাৰ গোটেই বিষয়সমুহৰ উত্তৰ আৰু নিদান । কি দৰে, কোন পথে আগুৱাই যাব লাগিব বা আগবাঢ়িলে সফলতা আশা কৰিব পাৰি তাৰ বাবে অত্যন্ত গভীৰতাৰে বিবেচনা কৰাৰ প্ৰয়োজন আছে । ৰণকৌশল প্ৰস্তুত কৰি পৰিকল্পিত পথে কাৰ্য্যকলাপ নকৰিলে একো ফলাফল আশা কৰিব নোৱাৰি ।
তথাপি, বাদ পৰা/অৱসৰপ্ৰাপ্ত শিক্ষকসকলেও অগ্ৰণী ভূমিকাত থাকিব লাগিব, বহুধাবিভক্তবোৰ একত্ৰিত হৈ, ঐক্যবদ্ধতাৰে একমতে ৰণত নামিব পাৰিলে শীঘ্ৰেই ঈপ্সিত ফলৰ আশা আছে । অন্যথা সময়ৰ সোঁতত বিলীন হৈ কেৱল সপোনৰ দৰে ৰৈ যাব স্মৃতিবোৰ, নিতৌ সৰিব একোটাকৈ তৰা । কোনেনো গণে, কোনেনো কব আকাশত তৰা কমিছে বুলি ।