ADRE-2024 Preparations: প্ৰস্তুতি


ADRE 2024

Assam Direct Recruitement Examination


ADRE 2024 পৰীক্ষাৰ তাৰিখসমূহ ইতিমধ্যে ঘোষণা কৰা হৈছে ৷


সেইমৰ্মে 15 চেপ্তেম্বৰ তাৰিখে অসমত অনুষ্ঠিত হবলগীয়া পৰীক্ষাৰ বাবে আবেদনকাৰী সকলে নিশ্চয় প্ৰৱেশ পত্ৰ হাতত লৈছে ৷


এই প্ৰত্যক্ষ নিযুক্তিৰ বাবে আবেদনকাৰী প্ৰাৰ্থীসকল যিদৰে সাজু হৈছে, তাতোকৈ সজাগ-সচেতন আৰু প্ৰস্তুতিৰ যুদ্ধকালীন তৎপৰতা লৈছে চৰকাৰে ৷

কেইবাটাও পৰ্য্যায়ৰ পৰীক্ষাৰ তাৰিখ ঘোষণা হৈছে ৷ গ্ৰেড 3 পদৰ পৰীক্ষা 2024 চনৰ 15, 22 আৰু 29 ছেপ্টেম্বৰত আৰু গ্ৰেড 4 পদৰ পৰীক্ষা 2024 চনৰ 20 আৰু 27 অক্টোবৰত অনুষ্ঠিত হোৱাৰ বিষয় অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ অফিচিয়েল ৱেবছাইটত মুকলি কৰা হৈছে ।

আসাম ডাইৰেক্ট ৰিক্ৰুইমেন্ট পৰীক্ষা ১৫ ছেপ্তেম্বৰ, ২০২৪

অসম চৰকাৰৰ অধীনত থকা বিভিন্ন চৰকাৰী পদৰ বাবে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এগ্জামিনেশ্বন Assam Direct Recruitement Examination এক অন্যতম গুৰুত্বপূর্ণ পৰীক্ষা। এই পৰীক্ষাৰ মাধ্যমেৰে ৰাজ্যৰ বিভিন্ন বিভাগত চাকৰি পোৱাৰ সুযোগ আছে । প্ৰথম পৰ্যায়ৰ ১৫ ছেপ্তেম্বৰ, ২০২৪ তাৰিখে অনুষ্ঠিত হ'বলগীয়া এই পৰীক্ষাত প্ৰচুৰ সংখ্যক আবেদনকাৰীয়ে অংশগ্ৰহণ কৰিব।

পৰীক্ষাঃ


আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট পৰীক্ষা (ADRE) বিভিন্ন বিষয়ৰ ওপৰত ভিত্তি কৰি প্ৰশ্নসমূহ সজোৱা হয়। ইয়াত সাধাৰণ জ্ঞান, অংক, ইংৰাজী ভাষা, আৰু যুক্তিতত্ত্বৰ ওপৰত প্ৰশ্ন থাকে। লগতে, নিৰ্দিষ্ট কিছু পদৰ বাবে কম্পিউটাৰ জ্ঞান,পৰিবহন ব্যৱস্থাৰ ওপৰতো প্ৰশ্ন থাকে ।

প্ৰধানভাৱে পৰীক্ষাৰ বিষয়সমূহ হ'ল:


সাধাৰণ জ্ঞান: অসম আৰু ভাৰতৰ ইতিহাস, ভূগোল, ৰাজনীতি, আঞ্চলিক আৰু ৰাষ্ট্ৰীয় সাম্প্ৰতিক ঘটনাসমূহ।
ইংৰাজী ভাষা: ব্যাকৰণ, শব্দভাণ্ডাৰ আৰু বাক্য গঠন ।
গণিত: জ্যামিতি, বীজগণিত, চম্পৰ্ক আৰু ডাটা বিশ্লেষণ।
যুক্তিতত্ত্ব: পাজল, আনলজিক আৰু পৰিসংখ্যা সম্পৰ্কীয় প্ৰশ্ন ।
কম্পিউটাৰ জ্ঞান: কম্পিউটাৰৰ মূলভূত বিষয়সমূহৰ ওপৰত ভিত্তি কৰি প্ৰশ্ন।

নম্বৰৰ পদ্ধতি:


এইবাৰ পৰীক্ষাত নতুনকৈ কিছুমান প্ৰণালী সংযোজন হৈছে ৷ তাৰ ভিতৰত এটা গুৰুত্বপূৰ্ণ হল-

প্ৰতিটো সঠিক উত্তৰৰ বাবে ১ নম্বৰ, আৰু ভুল উত্তৰৰ বাবে ০.২৫ নম্বৰ কৰ্তনৰ ব্যৱস্থা । গতিকে পৰীক্ষাৰ্থীসকলে উত্তৰ দিয়াৰ ক্ষেত্ৰত সচেতন হব লাগে যাতে নম্বৰ কৰ্তন নহয় ৷ কিছুমান প্ৰশ্নৰ বাবে যদি ২ নম্বৰ থাকে, তাৰ উত্তৰ ভুল হোৱাৰ ক্ষেত্ৰত ০.৫০ নম্বৰ কৰ্তন হব পাৰে ৷ অৰ্থাৎ ২৫% নম্বৰ কৰ্তনৰ ব্যৱস্থা কৰা হৈছে ৷ কেতিয়াবা কোনো পৰীক্ষাৰ্থীয়ে এটা প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ এটাৰ সলনি দুটা উত্তৰ দিয়াৰ অপচেষ্টা কৰে ৷ ফলত সম্পূৰ্ণ উত্তৰটো ভুল উত্তৰ বুলি ধৰা হয় আৰু নিয়মানুসাৰে নম্বৰ কৰ্তন হয় ৷

সফলতাৰ পৰামৰ্শ:


প্ৰশ্নৰ উত্তৰ দিয়া সময়ত ধৈৰ্য্য ধাৰণ কৰা উচিত ৷
সহজ প্ৰশ্নসমূহৰ উত্তৰ প্ৰথমে কৰিব লাগে ৷ বাকী সময় কঠিন প্ৰশ্নৰ বাবে ৰাখক।
সময়ৰ প্ৰতি সচেতন থাকিব লাগে ৷ পৰীক্ষা কেন্দ্ৰত প্ৰতিটো ক্ষণ মুল্যবান সময় ৷
সন্দেহ থকা প্ৰশ্নৰ উত্তৰ দিয়াৰ ক্ষেত্ৰত দৃঢ়ভাৱে বিবেচনা কৰা উচিত ৷


পৰীক্ষাৰ বাবে এই তথ্যবোৰ সহায়ক হওক, পৰীক্ষাৰ শুভকামনা !


এনেধৰণৰ প্ৰশ্নবোৰেই সাধাৰণতে সন্মূখিত হব লগা হয় । প্ৰস্তুতিৰ বাবে অনুশীলন অতি জৰুৰীঃ