Jeevanta Swahid

"লওঁ বাকলি চাল, সাতোটা সুখৰ এটাও নেপালোঁ, ঢেঁকীটোও নেপালোঁ ভাল "




জীৱন্ত ছহিদ 

Jeevanta Swahid : The Living Martyr


 

      এক নতুন নামেৰে পৰিচয় পালে অসমৰ টিউটৰসকলে । হয়, জীৱন্ত ছহিদ । 

      অতি ভাৰাক্ৰান্ত মস্তিষ্ক বহন কৰা টিউটৰসকলে অংশগ্ৰহণ কৰে এক আনুষ্ঠানিক আলোচনাত । অসমৰ শিক্ষা বিভাগৰ দ্বাৰা জনোৱা আমন্ত্ৰণমৰ্মে মাননীয় শিক্ষামন্ত্ৰী তথা বিভাগীয় বিষয়াৰ সৈতে যোৱা ২৬ জুলাই ২০২৪ তাৰিখে অনুষ্ঠিত হয় উক্ত বৈঠক । জনতা ভৱন সচিবালয়ৰ মুখ্যমন্ত্ৰী কাৰ্য্যালয়(পুৰণি)ৰ সন্মিলন কক্ষত সম্পন্ন বৈঠকত অংশগ্ৰহণ কৰে সদৌ অসম প্ৰাদেশিকীকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক(টিউটৰ) সংস্থাৰ কেন্দ্ৰীয় নেতৃবৃন্দই । টিউটৰসকলৰ মুখ্য দাবীসমূহৰ লগতে জীৱন ধাৰণ, শৈক্ষিক অৱদান, সামাজিক মুল্যবোধ ইত্যাদি সকলো দিশ সামৰি প্ৰায় দুঘণ্টাজোৰা বিস্তৃত আলোচনা সম্পন্ন হয় । 

          বিগত তিনিবছৰে অসমৰ টিউটৰ অভিহিত শিক্ষকসকলে এক গ্লানিত জৰ্জৰিত হৈ বিভিন্ন সময়ত ভিন্ন ভিন্ন পন্থাৰে চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ প্ৰয়াস কৰি আহিছে । প্ৰাদেশিকীকৰণ আইন ২০১৭ জৰিয়তে পদ ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ পদ প্ৰাদেশিকীকৰণ কৰা হৈছিল । 

    ২০২১ চনৰ ৫ ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত আমন্ত্ৰণ জনোৱা হৈছিল সংশ্লিষ্ট শিক্ষকসকলক । হাজাৰ হাজাৰ শিক্ষক-শিক্ষয়িত্ৰীৰ সমাৱেশ ঘটিছিল ষ্টেডিয়ামটিত । তদানীন্তন মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোনোৱাল ডাঙৰীয়াৰ নেতৃত্বত শিক্ষামন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাদেৱৰ তৎপৰতাত প্ৰদান কৰা হৈছিল নিযুক্তি পত্ৰ । 

    প্ৰকৃততে নিযুক্তি নহয় সেয়া আছিল পদ প্ৰাদেশিকীৰণৰ হুকুম পত্ৰ । সভাত মুখ্যমন্ত্ৰী-শিক্ষামন্ত্ৰীয়ে ভাষণ দিছিল হুকুম পত্ৰ প্ৰদান কৰাৰ পূৰ্বে । তেওঁলোকৰ ভাষণত আছিল কিছু আশ্বাসৰ বাণী, আস্বস্তকৰণৰ এক চাতুৰ্য্যভৰা মন্তব্য । সমবেত হাজাৰ হাজাৰ লাভাৰ্থীসকলে আদৰণী জনাইছিল তেওঁলোকৰ পদক্ষেপ । যদিও নিজৰ একাংশ সতীৰ্থ বাদ পৰিছিল, বিমৰ্ষতাৰ মাজতো হাত চাপৰি মাৰিছিল ।  কাৰণ, মুখ্যমন্ত্ৰীয়ে কৈছিল, বাদ পৰা সকলে বেছি চিন্তিত হ’ব নালাগে, তেওঁলোকৰ বাবেও কিবা এটা কৰা হ’ব । কিন্তু তিনিবছৰ পিছত, আজিৰ স্থিতিয়ে বুজনি দিলে তেওঁলোকৰ চতুৰালি । 

    মানৱীয়তাৰ নামত চৰম অমানৱীয় একপক্ষীয় সিদ্ধান্ত আছিল প্ৰাদেশিকীকৰণ ২০২১ । আগৰ প্ৰাদেশিকীকৰণ আইন উচ্চ ন্যায়ালয়ে বাতিল কৰাৰ পিছত নতুন আইন ৰচনা কৰা হৈছিল । উক্ত খচৰা প্ৰস্তুতৰ বেলিকা লাভাৰ্থী পক্ষৰ সৈতেও আলোচনা কৰিবৰ বাবে চৰকাৰক নিৰ্দেশ দিছিল উচ্চ ন্যায়ালয়ে । কিন্তু চৰকাৰে, বিশেষকৈ তদানীন্তন শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত ২/৩ গৰাকী বিষয়াকে আইনৰ খচৰা প্ৰস্তুতকৰণৰ দায়িত্বভাৰ অৰ্পণ কৰিছিল আৰু প্ৰায় সেইমতেই বিধানসভাত গৃহীত কৰি প্ৰনয়ণ কৰা হৈছিল । যাৰ পৰিণাম স্বৰূপে, নতুন আইনৰ কোপত পৰিছিল অসমৰ ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহ, কৰ্মৰত শিক্ষক আৰু কৰ্মচাৰীবৰ্গ । প্ৰায় সমূহ শিক্ষানুষ্ঠানৰ একাংশ শিক্ষক, যিগৰাকী শিক্ষকে সেই শিক্ষানুষ্ঠান গঢ় দিয়াত অগ্ৰণী ভূমিকা লৈছিল, কোনোৱে শিক্ষানুষ্ঠানটিৰ বাবে মাটি দান কৰি থৈছিল, অন্য চাকৰিৰ প্ৰতি লালায়িত নহৈ, নিজ অঞ্চলৰ নিজ হাতে গঢ়া বিদ্যালয়তে কৰ্মময় জীৱনৰ চুড়ান্ত নিৰ্ণয় কৰিছিল, তেনে একাংশই বাদ দিয়া হ’ল এই প্ৰাদেশিকীকৰণ প্ৰক্ৰিয়াৰ পৰা । চৰম আৰু চুড়ান্ত দুৰ্ভাগ্য । 

    কিমান চতুৰালি কৰা হৈছিল !!! 

    এক ৰহস্যৰ আৱৰ্তত ৰাখিছিল ফলাফল । 

    ৫ ফেব্ৰুৱাৰী ২০২১ তাৰিখে সৰুসজাই ষ্টেডিয়ামলৈ আমন্ত্ৰণ জনোৱা হৈছিল ৰাজহুৱাভাৱে । সেইসকল শিক্ষকহে মতা হৈছিল যিসকলৰ নাম চূড়ান্ত কৰা হৈছিল প্ৰায় ২/৩ বছৰীয়া পৰীক্ষণ নিৰীক্ষণৰ মাজেৰে চূড়ান্ত কৰা হৈছিল । অথচ ২, ৩ আৰু ৪ তাৰিখে ব্লক কাৰ্য্যালয়তহে কৈ দিয়া হৈছিল কাৰ কাৰ নাম আছে । যিসকলৰ নাম নাই, ২৫/৩০ বছৰ শিক্ষাদান কৰাৰ পিছত আজি মজদুৰী কৰিবলগীয়া হৈছে । যিসকল শিক্ষক-শিক্ষয়িত্ৰীৰ নাম থকা বুলি নিশ্চিত কৰি গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়াম উপস্থিত হ’বলৈ জনোৱা হৈছিল, তেওঁলোকে ঘুণাক্ষৰেও নাজানিছিল কি কৰা হৈছে প্ৰাদেশিকীকৰণ প্ৰক্ৰিয়াটোত । সকলোয়ে ভাষণ দি সভাভংগৰ পিছত হাতত দিয়া হৈছিল হুকুম পত্ৰ । হাতত প্ৰাদেশিকীকৰণৰ হুকুম পত্ৰ লৈ হৈ পৰিছিল শিল পৰা কপৌ ।


শিমলুৰ ফুল দেখি তাতে পৰে নানা পখী,
তাৰ কিবা ফল-মূল খায় ?
পছোৱা বতাহে পাই তাকো নিলে উৰুৱাই,
ধূলাজাৰি তুলাও নাপায় ।



ক্ৰমশ:

পৰৱৰ্তী খণ্ড



নিমিষতে উলিৱাওক বয়স ৷
সচাকৈয়ে সৰল ৷
Tags