Ati Galpa Karobar Xopunar Karobar Dithokar

Ati Galpa Karobar Xopunar Karobar Dithokar 

এটি গল্প_কাৰোবাৰ সপোনৰ_কাৰোবাৰ দিঠকৰ ®

অসমৰ পূব প্ৰান্ত । এখনি ভিতৰুৱা গ্ৰাম্যাঞ্চল । বানপানীয়ে ভালকে পখালিছে অঞ্চলটি । ৰাস্তা বুলিবলৈ নোহোৱা হৈছে । বিজুলীৰ খুটাৰ সৌভাগ্য,গৈ পোৱা নাই,অন্যথা দুই এজন ছহিদেই হ'লেহেতেন । বিদ্যালয়ত এতিয়াও ১০/১২ঘৰ আশ্ৰয়শীল । এশ এবুৰি সমস্যাৰে জৰ্জৰ অঞ্চলটি ।

Ati Galpa Karobar Xopunar Karobar Dithokar

সমস্যাসমুহ লৈ সমাজৰ একাংশ চিন্তিত । বৈঠক আহ্বান কৰা হ'ল । সমস্যাবোৰ গম্ভীৰভাবে আলোচনা হ'ল । আৰ্থিক দিশত অধিকাংশই জুৰুলা । সমাধানৰ পথ যথেষ্ট কষ্টকৰ । স্থায়ী পৰিত্ৰাণৰ উপায় মন্থন । উপায়ন্তৰত দিছপুৰ যাত্ৰাৰ সিদ্ধান্ত । সকলো সমস্যাৰ আশু সমাধানৰ বাবে মন্ত্ৰীসকলৰ ওচৰত সমস্যাৰ উত্থাপন আৰু সমাধান বাবে আহ্বান,অনুৰোধ,দাবী ।
দিন বাৰ ঠিক কৰা হ'ল । অঞ্চলটিৰ জ্যেষ্ঠ আৰু বিশিষ্ট/কৰ্মপটু লোকেৰে চাৰিজন যোৱাৰ বাবে ঐক্যমত হ'ল । ঋণ-ধাৰ, বৰঙণিৰে চাৰিজন মানুহ গুৱাহাটিলৈ যাবলৈ যোজা কৰা হ'ল । বিভিন্ন বিভাগৰ মন্ত্ৰীসকলক প্ৰদান কৰিবলৈ বিধে বিধে স্মাৰকপত্ৰ তৈয়াৰ কৰা হ'ল ।
অৱশেষত গুৱাহাটীলৈ বুলি ৰাওনা চাৰিজনীয়া দলটি । অঞ্চলটিৰ বাবে ভাল ফলাফল আনিবলৈ মনত উদ্যম দলটিৰ । অঞ্চলবাসী অত্যন্ত আগ্ৰহ ও এবুকু আশা বান্ধিছে, পুনৰ সেই আগৰ অৱস্থা ঘূৰি আহিব, সমস্যাৰ স্থায়ী সমাধান দিহা উলাব ।
গুৱাহাটী পায়েই দিছপুৰীয়া সকলৰ আবাসলৈ বুলি ঢপলিয়ালে । সন্ধিয়াৰ ভিতৰত গম পালে, যিকেইজন মন্ত্ৰীক লগ কৰিবলৈ, স্মাৰক পত্ৰ প্ৰদান কৰিবলৈ সিদ্ধান্তৰে ৰাজধানীলৈ আহিছিল তেওঁলোকৰ ভিতৰত এজনহে দিছপুৰত আছে । বাকী কোনোবা দিল্লীত, কোনোবা নিজ সমষ্টিত নতুবা ভ্ৰমণৰত । অসন্তোষ ভাৱে চানি ধৰিলে । তথাপি একমাত্ৰ মন্ৰীজনকে সকলোবিষয় সাঙুৰি কথাবিলাক উত্থাপন কৰিবলৈ ঠিক কৰিলে । পিছৰদিনা ৰাতিপুৱাই পোনপ্ৰথম লগ পোৱাৰ সিদ্ধাান্তলৈ হোটেলৰ ভাৰাত লোৱা কোঠাত ঘূমতি মাৰিলে । ফটা চিটা আঠুঁৱাৰ বাবেই গুৱাহাটীৰ মহেও গঞাঁৰ তেজ শুহাৰ সুযোগ নেৰিলে । ধলপুৱাই সকলোৱে চাহ একাপ খায়েই লৰ মাৰিলে মন্ত্ৰী আৱাসলে ।
কটকটীয়া নিৰাপত্তা বেষ্টনীত মন্ত্ৰী বিধায়কৰ আৱাসগৃহ । নিৰ্দিষ্ট প্ৰপত্ৰ পূৰন কৰি মন্ত্ৰীজনৰ নামত, কামৰ বিৱৰণ দি পাচ বনোৱা পিছত প্ৰৱেশ পালে । সোধ পোচৰ জ্বৰিয়তে মন্ত্ৰীজনৰ আবাসস্থলীত গৈ হাজিৰ হ'ল সুদুৰ প্ৰান্তৰ পৰা অহা এই চাৰিজনীয়া দলটো ।
মন্ত্ৰীৰ অতিথি বহা দুৱাৰমুখ খুলিছেহে, এওঁলোক উপস্থিত । সময় পুৱা সাতটা ।
  • _বহক ।
  • _চাৰ আছে নহয় ?
  • _আছে,আছে । বহকচোন ।
  • _বাৰু, কৈ দিয়াচোন আমি দেখা কৰিবলৈ আহিছো বুলি !
  • _হ'ব, মই কম ।
আশ্বস্ত হৈ চোফাত বহিলেগৈ । যথেষ্ট আহল-বহল কোঠাটো । চিক-চিকিয়া মজিয়া । সুন্দৰকৈ সজোৱা আচবাব । শীতল বায়ু প্ৰবাহিত কোঠালী । এক অভূতপুৰ্ব অনুভূতিৰে শিহঁৰিত হ'ল আটাইৰে মন । কি আড়ম্বৰপূৰ্ণ জীৱন ! যেন সাধুকথাৰ ৰজাৰ মহল । আহ, কিমান আৰামদায়ক চোফা । কিছূসময় বহোতেই টোপনিৰ ভাৱে জুমুৰি দি ধৰিলে । ৰাতিটোৰ ম'হৰ কামোৰে ভালকে টোপনি নমৰা দেহাটোয়ে যেন সুযোগৰ অপেক্ষাত আছিল । আধাঘন্টামান পিছত দুজন ব্যক্তি সোমাই আহিল । তেওঁলোকো বহিলে । এইকেইজনৰ টোপনি ৰখাব নোৱাৰা পৰিস্থিতি । এজনে বাৰে বাৰে হালি গৈছে । হালি গৈ বেলেগৰ গাত ঢলি পৰোতেই থতমতকৈ সাৰ পাই দেখে কোঠালীটোত ১০/১১জন মানুহ । সেই সময়তে দুগৰাকী মহিলাই সুধিছে,
  • _চাৰ আছেনে ?
  • _আছে বাইদেও, বহক ।
  • _কবাচোন, আমি আহিছো বুলি ।
  • _ক'ম ।
মহিলা দুগৰাকী আহি বহিল । সময় ৮:৩০ টা হ'ল । খবৰ পোৱা গ'ল, মন্ত্ৰীয়ে হেনো গা ধুইছে ।
এইদৰে আৰু কিছূ সময়ত ৫/৬জন লোকও আহিল । কোঠাটোত বহা আসন খালী নাথাকিল । ৯ টা বজাত মন্ত্ৰীজন সেৱাগৃহত ব্যস্ত বুলি জনা গ'ল । লাহে লাহে দেখা গ'ল মন্ত্ৰীজনক লগ কৰিবলৈ ২২/২৫ জনমানেই হ'ব । ভিতৰে বাহিৰে মানুহ । পৰিৱেশ এনে হ'ল, মন্ত্ৰী ওলাই আহিব যিকোনো মুহুৰ্তত । সময় ১০টা হওঁ হওঁ । চাৰিজনীয়া দলটোৱে স্মাৰকপত্ৰখিনি পুনৰ এবাৰ নিৰীক্ষণ কৰিলে । চব ঠিকেই আছে । কথাবিলাক কেনেদৰে ক'ব, কোনটো আগত ক'ব, কোনে ক'ব ইত্যাদিৰ অন্তিম আলোচনা হৈছে । ১০:৩০টা হ'ল । এওঁলোকৰ মানসিক গতিপ্ৰবাহ ক্ৰমাৎ তীব্ৰগতিত চলিব ধৰিলে । কোন মুহুৰ্তত সন্মুখীণ হ'ব, তাৰবাবে উত্তেজনা । মন্ত্ৰী ওলাবই আৰু !
মানুহবোৰৰ প্ৰশ্নত বনকৰা লৰাটোৰ ক্ৰমান্বয়ে একেই উত্তৰ । 
"বহকচোন, চাৰ আহিব । গা ধুই আছে/সেৱা কৰিছে/চাহ খাই আছে/কাপোৰ পিন্ধি আছে" 

ইত্যাদি ছুটি বাক্যবোৰ অনৰ্গল শুনিবলগীয়া হৈছে, সেইপৰ্বৰ সামৰণি পৰিবৰ হ'ল ।

অৱশেষত সেই মুহুৰ্ত আহিল । মন্ত্ৰীজন ওলাইছে । মোবাইলত কথা পতাত ব্যস্ত । সকলো থিয় হ'ল, এই চাৰিজনেও থিয় হৈ অভিবাদন যাচিলে । মন্ত্ৰীয়ে দেখিলে নে নাই, তেওঁহে জানে । কিন্তু তেওঁ মোবাইলত ব্যস্ত । ব্যক্তিগত সহায়ক আৰু বনকৰা ল'ৰাই লৰা-ঢপৰাকৈ ফাইল কিছূ লৈ বাহিৰত ৰখাই থোৱা গাড়ীখনলৈ দৌৰিছে । সময় ১০:৪৫ হৈছে । মন্ত্ৰীজনে মোবাইল থৈ সকলোৰে ফালে চাই কলে, 

  • _ক্ষমা কৰিব, মোৰ এটা জৰুৰী মিটিং আছে ১১ বজাত।
  • _চাৰ…চাৰ…চাৰ
  • _চাৰ…চাৰ…চাৰ

অসংখ্যজনৰ সম্বোধন । 

প্ৰত্যেকেই নিজৰ বিষয়টো যেনে তেনে শুনাবৰ বাবে অপচেষ্টা । ইমানতে মন্ত্ৰীজন গাড়ীৰ ভিতৰত । খিৰিকিৰ গ্লাচ কিছূ নমাই কলে,

  • _কাৰোবাৰ কিবা কাগজ থাকিলে, ল'ৰাটোৰ হাতত দি যাব পাৰে ।
শেষ । গাড়ী চলিল । অদৃশ্য হ'ল মন্ত্ৰী।

সুদুৰ প্ৰান্তৰ পৰা এবুকু আশালৈ অহা চাৰিজনীয়া দলটো হতাশ । কি পালে ? কি উত্তৰ লৈ ওভতিব ?

অশ্বস্তিয়ে মানসিক ভাৰসাম্য হেৰুওৱাৰ উপক্ৰম । এয়াই নেকি মন্ৰীবিলাকৰ চৰিত্ৰ । ৭ বজাৰ পৰা ১১ বজালৈ ৰখোতেও ১০ মিনিট সময় নোলাল লগ দিবলৈ । এইদৰেই চলি আছে নে চৰকাৰ ? ৰাইজৰ কথা শুনিবলৈ সময় নথকা চৰকাৰৰ মন্ত্ৰী? কাম হোৱা বা কৰি দিয়াতো দুৰৰ কথা, এটি সু-আশ্বাসৰো পাত্ৰ নভবা এয়া কেনে ব্যৱহাৰ ?

গভীৰ অসন্তুষ্টিৰে কাগজবোৰ বনকৰা ল'ৰাটোৰ হাতত দি বাহিৰ হ'ল চাৰিওজন । অবাক-নিৰ্বাক । সকলো থান-বান, মনৰ ভাৱনাবোৰেই যেন শত্ৰু সদৃশ হ'ল । লজ্জাবোধ নিজৰ কল্পনাবোৰকলৈ ।

 পৰিৱৰ্তন হৈছে । যথেষ্ট পৰিৱৰ্তন । 

conclusion: Ati Galpa Karobar Xopunar Karobar Dithokar